Site icon Youth Ki Awaaz

বৰ্তমান সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী কৰবী শৰ্মা

 

  বৰ্তমান সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী কৰবী শৰ্মাৰ জন্ম হৈছিল ১৯৯৩ চনৰ ৪ ছেপ্তেম্বৰত গুৱাহাটীৰ ডাউন টাউনত। স্বৰ্গীয় কামাখ্যা প্ৰসাদ শৰ্মা আৰু অঞ্জলি দেৱীৰ কনিষ্ঠ কন্যা কৰবী শৰ্মাই ষ্টেপ বাই ষ্টেপ স্কুলৰ পৰা মেট্ৰিকৰ ডেওনা পাৰ কৰি পিচলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.কম ডিগ্ৰী লাভ কৰে।

         কৰবী শৰ্মা সৰুৰে পৰা নৃত্যৰ প্ৰতি আগ্ৰহী আছিল। সৰু অৱস্থাতে কৰবীয়ে টিভিত দেখি দেখি নৃত্যৰ প্ৰশিক্ষণ লয় যদিও পিছলৈ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ লয়। ওড়িশাত অনুষ্ঠিত সৰ্বভাৰতীয় আধুনিক নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কৰবীয়ে দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ বঁটা আঁজুৰি আনিবলৈ সক্ষম হয়। কৰবীয়ে ডলী তালুকদাৰৰ ওচৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেখেতে ভূপালত “ভোৰতাল নৃত্য” আৰু ছিকিম, চণ্ডীগড়ত “বিহু নৃত্য” প্ৰদৰ্শন কৰিছিল।

          কৰবীয়ে কেমেৰাৰ আগত ২০১০ চনত উদয় শংকৰৰ কৰিঅ’গ্ৰাফত এটি গীতত বেকগ্ৰাউণ্ড ডান্সাৰ হিচাবে নৃত্য কৰিছিল যদিও ২০১১ চনত ডিম্পী সোনোৱালৰ এটি গীতত উদয় শংকৰৰ কৰিঅ’গ্ৰাফত মূল চৰিত্ৰত অভিনয় কৰাৰ সুবিধা লাভ কৰে।

          পৰিচালক ধীৰাজ দাসৰ পৰিচালনাত ২০১১ চনত গুৱাহাটী দূৰদৰ্শনৰ কমিচন প্ৰগ্ৰেমত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল কৰবীয়ে। এটা সৰু চৰিত্ৰৰে কেমেৰাৰ আগত অভিনয়ৰ পাতনি মেলা কৰবীয়ে পিচলৈ “মন পাপৰিৰ সুবাস”, “নিঃশব্দ”, “অনামিকা”, “ঢৌ জীৱনৰ”, “মা”, “অধিকাৰ”, “ৰাজ নন্দিনী” আদি ধাৰাবাহিকত ভিন্ন চৰিত্ৰত অভিনয় কৰা দেখা যায় যদিও অলপতে ৰং চেনেলৰ জৰিয়তে জেনাকী কাৰেংক সম্প্ৰাচাৰ হৈ যোৱা ৰাজ নন্দিনীত এক ব্যতিক্ৰম ৰূপত দেখা যায় জনপ্ৰিয় অভিনেত্ৰী কৰবী শৰ্মাক।

          আজৰি সময়ত ফুৰি, বজাৰ কৰি আৰু চিনেমা চাই ভাল পোৱা কৰবীয়ে “ছায়া”, “লাভ ইন বেংকক” আৰু “খাবৈ” নামৰ তিনিখন ছবিতো অভিনয় কৰে।

Exit mobile version